Sunday, July 6, 2014

চাওদাং সকলৰ ৰাতিবিহুঃ এটি আলোকপাত

             অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত চাওদাং জনগোষ্ঠী অন্যতম । অসমৰ সোণসেৰীয়া সংস্কৃতিৰ বৰপেৰালৈ চাওদাং সকলৰ অৰিহণা অনস্বীকাৰ্য।প্রকৃতাৰ্থত পূৰ্বতে চাওদাং বুলি কোনো এটা জাতি বা সম্প্রদায় নাছিল । আহোম স্বৰ্গদেও সকলৰ দিনত যিসকল লোকক ৰাজকাৰেং,ৰজাৰ নাচনীশাল,বিভিন্ন চকী বা চাওনি(Out-posts)আদিৰ সুৰক্ষাৰ অৰ্থে নিয়োগ কৰিছিল সেইসকল লোককে ৰজাঘৰৰ ফালৰ পৰা চাওদাং বুলি কোৱা হৈছিল ।বৰ্তমান আৰক্ষীবিভাগটোক চাওদাং সকলৰ কৰ্মৰ লগত ৰিজাব পাৰি।আহোম সকলক বাদ দি ৰজাঘৰীয়া সকলে পিছলৈ কছাৰী,চুতীয়া,মৰাণ, বৰাহী,নৰা,আদি সম্প্রদায় লোকসকলক এই কৰ্মত নিয়োজীত কৰিছিল।সেয়ে বৰ্তমানৰ চাওদাং সম্প্রদায় এই আটাইবোৰ সম্প্রদায় মানুহৰ সংমিশ্রণত গঢ়ি উঠা বুলিও কব পাৰি।
‘চাও’ শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন,শাস্তি । অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যি সকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং। আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে ।লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাং সকলে পাৰস্পৰিক আদান-প্রদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।
চাওদাং সকলৰ ৰঙালি বিহু অতি আদৰৰ।চাওদাং সকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্রিয় আছিল বুলি জনা যায়।ৰাতি বিহু চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰু সকলে গাঁৱৰ ওচৰৰমুকলি বাকৰিত ৰাতি বিহু পাতিছিল।ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল।ৰাতি বিহু গাভৰু সকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্রহণ নকৰিছিল।কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্রহণ কৰিব পাৰিছিল।ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্রকাৰে প্রকাশ কৰিবলৈ সুযোগ পাইছিল।লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি লবলৈ সুবিধা পাইছিল।ৰাতি বিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত,গীত-মাতেৰে,চকুৰ ঠাৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল। আৰু সেই সূত্রে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল।এই সকলোবোৰ ডেকা-গাভৰু সকলৰ সন্মতি,বজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে।এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল।সেয়ে ৰাতি বিহুৰ ফলশ্রুতিত হোৱা প্রায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল।লগতে আৰু এটা মনকৰিবলগীয়া দিশ হ'ল ৰাতিবিহু চ'তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া বহাগমাহতে হৈছিল।
সময়ৰ বিবৰ্তনৰ লগে লগে ৰাতিবিহু আৰু নাই।সৌ-সিদিনা চাওদাং গাওঁ এখনত উপস্হিত হওঁতে বহুতে এই বিহু দেখাই নাই বুলিহে জনালে।যুগৰ পৰিবৰ্তন,প্রগতি,বৰ্দ্ধিত নগৰীকৰণ ইত্যাদিবোৰে ৰাতিবিহুক হেৰুৱাই পেলালে। বৰ্তমান ভৈয়ামৰ ৰঙালি বিহু মঞ্চকেন্দ্রীক হোৱাহেতুঁকে বিহু উদযাপনত সীমাবদ্ধতা আহিল।তথাপিও আঞ্চলিকতাৰ কিছু ছাপ এতিয়াও আছে।খিলঞ্জীয়া চাওদাং সকলো ইয়াৰ ব্যতিক্ৰম নহয়।আজিকালি ৰঙালি বিহুৰ পূৰ্ণাংগ হুচৰি দল নাইকিয়াৰ দৰে হ’ল।বিশ্বায়নৰ যুগত এইটোক স্বাভাৱিক বুলি মানিলোৱাৰ বিকল্প নাই যেনেই অনুভৱ হ’ল।

Wednesday, September 28, 2011

জনজাতি সকলৰ শিক্ষাকেন্দ্র : ডেকা চাং

 
 
   পৃথিৱীৰ প্রায়বিলাক জনজাতিৰ সমাজ জীৱনত ডেকা চাং দেখিবলৈ পোৱা যায় । ডেকা চাং বিলাক জনজাতি সকলৰ প্রধান শিক্ষাকেন্দ্র । এই ডেকা চাং বোৰক কেন্দ্র কৰিয়েই জনজাতি সকলৰ সমাজ জীৱনত অৰ্থনৈতিক দিশবোৰৰ প্রতিফলন ঘটে । সমাজৰ প্রতিজন লোক এই ডেকা চাং সমূহৰ ওচৰত ঋণী ।
 
    পুৰণি কালত ডেকাচাংতে ডেকা-গাভৰু সকলক ভৱিষ্যৎ জীৱনৰ উপযোগীকৈ গঢ় দিয়া হৈছিল । সাধাৰণতে ৬ বছৰৰ পৰা ১৬ বছৰ মান বয়সলৈকে ডেকাসকল বা গাভৰু সকল জড়িত হৈ পৰে । বৰ্তমান গাভৰু সকলৰ গাভৰু চাং সমূহ হেৰাই গৈছে । ডেকা চাং সমূহত ডেকাসকল ডেকা চাংতে থকাৰ নিয়ম । এই ডেকা চাংতে,দৈনন্দিন জীৱনৰ আহিলা-পাতি নিৰ্মাণৰ প্রশিক্ষণ দিয়া হয় । এই প্রশিক্ষণ ডেকাচাংৰ ডেকাসকলে তদাৰক কৰে। ডেকাচাং সমূহ গাওঁৰ সোঁ-মাজত প্রতিষ্ঠা কৰা হয় । এতিয়াও আমাৰ গাওঁ বিলাকত পহৰীয়া থকাৰ নিয়মৰ দৰে ডেকাচাংৰ ডেকাসকলে গাওঁৰ সুৰক্ষাৰ দায়িত্বৰ উপৰিও ৰাইজৰ সমূহীয়া কাম-কাজত সহায় কৰে । গাওঁখনৰ ঘৰচোৱা, ঘৰসজা,জুমতলি তৈয়াৰ কৰা,ধানদোৱা,মৰণামৰা আদি কামবোৰত কোনো পৰিয়ালে নিমন্ত্রণ দিলে আগ্রহেৰে এই ডেকাচাংৰ ডেকাসকলে তেওঁলোকৰ দায়িত্ব পালনত অকনো ক্ৰুটি নকৰে । ইয়াৰ বিনিময়ত তেওঁলোকে এসাজ ভাত,লাওপানী(জনজাতীয় মদ) আদি বিচাৰে । কাৰ্বি সকলৰ ফাৰ্লাৰ ডেকাসকলে সমবায় নিচিনা এটা অনুষ্ঠান গঠন কৰে ।তেওঁলোকে সমূহীয়াকৈ কাম কৰি ভঁৰালত ধান সাঁচি থয় ।কাৰোবাৰ যদি ধানৰ নাটনি হয় তেতিয়া এই সমবায় পৰা ধান নিব পাৰে ।কিন্তু যিজনে ধান ধাৰলৈ নিয়ে তেওঁ মূলৰ লগত শতকৰা পঞ্চাশ ভাগ ধান ঘূৰাই দিব লাগিব ।

     সমাজ জীৱনৰ এই প্রয়োজনীয় কামবিলাকৰ উপৰিও কোনো কোনো জনজাতি সমাজত ডেকাসকলক যৌন শিক্ষাও দিয়া হয় ।আফ্রিকাৰ চুলী জনজাতিৰ মাজত এনে নিয়ম দেখা যায় । তেওঁলোকৰ মাজত ছোৱালী বিলাক এটা ঘৰত থাকে আৰু তালৈ ডেকা সকল অবাধে যাব পাৰে । তাত তেওঁলোকৰ যৌন সংগম হয় আৰু পাছত বিয়া হয় ।কোনো-কোনো জনজাতি সমাজত আকৌ ডেকাসকলক যৌন শিক্ষা দিবৰ বাবে এগৰাকী বয়সিয়াল মহিলা থাকে আৰু তেওঁৰ কথামতে ডেকাসকলে কাম কৰে আৰু যৌন শিক্ষা লয় ।

      উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিৰ মাজত ডেকা চাং বোৰ এক সমূহীয়া অনুষ্ঠান । সম্ভৱতঃ পুৰণি কালত আনুষ্ঠানিক শিক্ষাকেন্দ্র নথকাৰ বাবেই এই ডেকা চাং সমূহৰ গুৰুত্ব আছিল অসীম । মিচিং সকলৰ মৰংঘৰ,কন্যাক নগাসকলৰ আৰিজু,লোঠাসকলৰ চ্যাংলা,অৰুণাচলৰ আওসকলৰ য়েনচি বা আজুঘু,কাৰ্বিসকলৰ ফাৰ্লা আদি উল্লেখযোগ্য ডেকাচাং । এই ডেকাচাং বিলাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলৰ অতি পবিত্র অনুষ্ঠান ।

     এই ডেকাচাং বিলাক পৃথিৱীৰ বিভিন্ন দেশৰ জনজাতি মাজতো দেখা যায় । আমেৰিকা,এচিয়া,দক্ষিণ-পূৱ এচিয়া, অষ্ট্রেলিয়া,আফ্রিকাৰ জনজাতিসকলৰ ডেকাচাং বোৰত পৰম্পৰা শিক্ষা দিয়া হয় ।

     বৰ্তমান শিক্ষা-দিক্ষাৰ দ্রুত উন্নতি,স্কুল-কলেজলৈ ডেকাবিলাক যোৱাৰ ফলস্বৰূপে  
ডেকাচাংৰ সংখ্যা কমি আহিছে । পুৰণি কালৰ দৰে কটকটীয়া বান্ধোন নথকাৰ বাবে জনজাতিসকলৰ মাজত ভাঙোনে দেখা দিছে ।ফলস্বৰূপে বহু জনজাতি গাওঁত এতিয়া ডেকাচাং নাই। আৰু এটি লক্ষ্য কৰিবলগীয়া দিশ,আমাৰ নামঘৰৰ যি কাম-কাজ সেইবিলাকৰ লগত ডেকাচাংৰ কাম-কাজৰ তুলনা কৰিব পাৰি । বিশেষকৈ সমূহীয়া কাম-কাজ,গাওঁৰ উন্নতি,ৰাইজৰ মেল আদি যিদৰে নামঘৰত কৰা হয় সেইদৰে ডেকাচাংতো কৰে । মনকৰিবলগীয়া কথা যে,আমাৰ গাওঁবিলাকত চাৰিআলি বা তিনিআলিৰ চুকত ডেকাসকলে চাং এখন সাজি গধূলি আড্ডা দিয়া চাংখনক  ডেকাচাংৰ ক্ষুদ্র-সংস্কৰণ বুলি কব পাৰি ।

জনজাতি সকলৰ লোকগীতত প্রেম-প্রীতি



অসমৰ চাৰিওদিশে পাহাৰে ভৈয়ামে বিভিন্ন জনজাতিয়ে বসবাস কৰি আহিছে। এওঁলোকৰ এফালে
তিৰ্ব্বতবৰ্মীয় তাই ভাষা-ভাষী আৰু আনফালে অসমীয়া ভাষা-ভাষী । প্রধানকৈ কৃষিৰ ওপৰতে নিৰ্ভৰশীল এইসকল জনজাতিয়ে অসমৰ এই বৃহৎ পৰিয়ালে অসমীয়া জনগাঠনিটোক টনকিয়াল কৰিছে । এইসকল জনজাতিৰ নিজা কলা-কৌশলি,উৎসৱ পাৰ্বন সমূহত গোৱা আৰু কৰা নৃত্যগীতেৰে ভৰপূৰ । সেয়ে তেওঁলোক লোকগীতত চহকী । এই লোকগীত সমূহক সংৰক্ষণৰ বাবে কোনোবা চেচ্ছাসেৱী সংগঠন আগবাঢ়ি আহিলে এই অসমৰ বৃহৎ জনজাতি সকলৰ লোকগীতবোৰ অসমৰ আপুৰুগীয়া সম্পদ হৈ চিৰদিন থাকিব । কোনো কোনো জনগোষ্ঠীয়ে এই লোকগীতবোৰৰ সংকলন কৰিছে যদিও পৰিকল্পিত ৰূপত প্রকাশ পাইছে বুলি মনে নধৰে ।
জনজাতি সকলৰ ভিতৰত বড়ো,ৰাভা আৰু মিছিং সকলৰ লোকগীতত ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ প্রতিছবি এখন তলৰ আলোচনাটিত তুলি ধৰা হৈছে ।

বড়ো সকলৰ লোকগীতত : অসমৰ বৃহৎ জনজাতি সকলৰ ভিতৰত বড়ো সকল অন্যতম । কৃষি কৰ্মত আগৰণুৱা এই জনগোষ্ঠীটোৰ ভাষা-সাহিত্য চৰ্চাৰ ক্ষেত্রতো কোনোগুনে কম নহয় ।ৰোমান,অসমীয়া দেৱনাগৰী লিপিত বড়ো ভাষাত বহুতো পুথি,বাতৰি কাকত, আলোচনী আদি প্রকাশ পাইছে । বড়ো সকল লোকগীতত চহকী । উল্লেখনীয় যে, বড়ো সকলৰ লোকগীতত স্বদেশ প্রেম,বীৰগাথাঁ,বিয়াগীত,উৎসৱ পাৰ্বনৰগীত,ধেমেলীয়াগীত, প্রেম-প্রীতিগীত আদি প্রধান । তেওঁলোকে স্বকীয় বাদ্যযন্ত্র এইগীতবোৰত ব্যৱহাৰ কৰা দেখা যায় । বড়ো সকলৰ ডেকা-গাভৰুৰ প্রেম-প্রীতিৰ এইগীতসমূহ শুৱলা আৰু ব্যঞ্জনাত্মক ।

বাৰী খোনানি খাসি জোৰ 
অৌ আদা মুলুক ছিংখাওনালৈ
নাই বায় আং
নাং খলৌ আঙী সেন নৌজৌৰ ।

অসমীয়াত উজাই চালো মই
ভতিয়াই চালো মই
তোৰ সমান ধুনীয়া নাই ।

প্রেয়সীৰ ৰূপৰ বৰ্ণনা এই বড়ো বিহুগীত সমূহত সুন্দৰ ভাৱে প্রতিফলিত হৈছে।

বিবাৰ বিবাৰ গেওলাং
হাৰ্ছিঙৈ বাৰানৈ ৰহায় লাংবায়
জৌংনি বৈসৌআবৌ ৰাগোলাংবায়
জৌংলনি বৈসৌআবৌ ৰাগোলাংবায় ।
হে পূৰ্ণবিকশিত ফুল, অকলে মৰহি যাব লাগিছা । আমাৰ পূৰ্ণ যৌৱন, বয়সো তোমাৰ দৰে উৱলি যাব লাগিছে । অসমীয়াত “কেলেই ফুলিলি ৰূপহি মদাৰ ঐ...থাক তল ভৰি সৰি” । আকৌ “যৌৱন গলে পাবলৈ নাই” ইত্যাদি ।

ৰাভা সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত ৰাভা সকলো এক বৃহৎ জনগোষ্ঠী । এওঁলোকৰ লোকগীত সমূহতো ডেকা-গাভৰুৰ প্রণয়ৰ ছবিখন হৃদয়স্পৰ্শী । গীতবিলাক ডেকা-গাভৰু সকলে সমূহীয়াকৈ গায় ।

লামদিনি হৰিতাল লেফাং ফাঙি পাকা
বিচিনে-বে দৰায়াতাং সালে
চিঙি কানো পাকাৰে, চিঙি কানো পাকা
অথাৎ ভৈয়ামৰ হৰিতাল চৰাই বটগছত পৰাৰ দৰে কোনোবা প্রেয়সীয়েও মোৰ গাত হাত দিছে ।
লামদানি মাছচিকায়,কংজু বকচো চৰো
চিঙি মুকবাৰ বাকায় বৈ চালে
ভাকাম বকচো চবোৰে- ভাকাম বকচো চৰো ।
অথাৎ মৰা গৰুৰ হাড়বোৰৰ দৰে আমাৰ প্রেমিকাৰ দাঁত বিলাকও বগা ।

মিছিং সকলৰ লোকগীতত : অসমৰ জনজাতি সকলৰ ভিতৰত মিছিং সকলৰ লোকগীত বোৰতো এক সুকীয়া টান আছে । এই বৃহৎ জনগোষ্ঠীটো কৃষি কৰ্ম আৰু মৎস্য ব্যৱসায় জীৱিকাৰ প্রধান উপায় । মিছিং সকলৰ প্রেম-পীৰিতিৰ গীত হৈছে ঐনিঃতম । এই ঐনিঃতম বোৰত মিছিং সকলৰ জীৱনৰ সমস্যা,নৈৰ্সাগিক বৰ্ণনা, প্রেম-প্রীতিৰ ছবি বিৰাজমান ।
ৰজনীকান্ত বৰদলৈৰ প্রথম সামাজিক উপন্যাস মিৰি-জীয়ৰীখন তাৰেই এখন সু-স্পষ্ট দলিল ।
আচি গুলা মনৌদৌ কোম্পানী জাহাজৌ
আচি গুলা মনৌদৌ নাঞি কাঃকৃক অমৌদৌ ।
অথাৎ কোম্পানী জাহাজে পানী ঘোলা কৰাৰ দৰে তুমিও চেনাই মোৰ দেহ-মন ঘোলা কৰিলা ।

বৰনৈ চুমলি পৃণদুঃবঃ
পৌদং আচি পাঃ মালা
ঙককৌ আচিন পৃনদুঃবঃ
অইনক অগম পাঃ মালা

অসমীয়া বিহুগীতত- বৰনৈ শুকাইছে পানীৰে বেজাৰত
দিচাংনৈ শুকাইছে কিয় ?
মই চেনাই শুকাইছো তোমাৰে বেজাৰত
তুমিনো শুকাইছে কিয় ?

এই তিনিওটা জনজাতিৰ উপৰিও গাৰো,দেউৰী,চুতীয়া আদি জনজাতিসকলৰ লোকগীতবোৰতো ডেকা-গাভৰুৰ প্রণয়ৰ প্রতিফলন ঘটা দেখা পোৱা যায় ।অসমীয়া সাহিত্যত লোকগীতবোৰৰ ভিতৰত এনে ধৰনৰ লোকগীতবোৰৰো আলোচনাৰ প্রয়োজন আছে।তেহে হয়তো আমাৰ অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল চহকী হ’ব ।