Sunday, July 6, 2014

চাওদাং সকলৰ ৰাতিবিহুঃ এটি আলোকপাত

             অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভিতৰত চাওদাং জনগোষ্ঠী অন্যতম । অসমৰ সোণসেৰীয়া সংস্কৃতিৰ বৰপেৰালৈ চাওদাং সকলৰ অৰিহণা অনস্বীকাৰ্য।প্রকৃতাৰ্থত পূৰ্বতে চাওদাং বুলি কোনো এটা জাতি বা সম্প্রদায় নাছিল । আহোম স্বৰ্গদেও সকলৰ দিনত যিসকল লোকক ৰাজকাৰেং,ৰজাৰ নাচনীশাল,বিভিন্ন চকী বা চাওনি(Out-posts)আদিৰ সুৰক্ষাৰ অৰ্থে নিয়োগ কৰিছিল সেইসকল লোককে ৰজাঘৰৰ ফালৰ পৰা চাওদাং বুলি কোৱা হৈছিল ।বৰ্তমান আৰক্ষীবিভাগটোক চাওদাং সকলৰ কৰ্মৰ লগত ৰিজাব পাৰি।আহোম সকলক বাদ দি ৰজাঘৰীয়া সকলে পিছলৈ কছাৰী,চুতীয়া,মৰাণ, বৰাহী,নৰা,আদি সম্প্রদায় লোকসকলক এই কৰ্মত নিয়োজীত কৰিছিল।সেয়ে বৰ্তমানৰ চাওদাং সম্প্রদায় এই আটাইবোৰ সম্প্রদায় মানুহৰ সংমিশ্রণত গঢ়ি উঠা বুলিও কব পাৰি।
‘চাও’ শব্দৰ অৰ্থ বিষয়া বা গৰাকী আৰু দাং মানে টাঙোন,শাস্তি । অৰ্থাৎ দোষীক শাস্তি দিবৰ নিমিত্তে যি সকল লোকক নিয়োগ কৰা হৈছিল সাধাৰণ অৰ্থত সেইসকলেই হৈছে চাওদাং। আহোম সকলৰ শেষ ৰাজধানী যোৰহাট হোৱা হেতুকে নগৰৰ দক্ষিণ দিশ লিচুবাৰীৰ পৰা তিতাবৰৰ সীমা পৰ্যন্ত মুঠ একৈশখন গাঁৱত চাওদাং সকলে এতিয়াও বসবাস কৰি আছে ।লোক-সংস্কৃতিৰ দিশত বিশেষভাৱে চহকী চাওদাং সকলে পাৰস্পৰিক আদান-প্রদান আৰু সমন্বয়ৰ মাজেৰে সংস্কৃতিৰ বিশিষ্ট ৰূপ দিবলৈ সমৰ্থ হৈছে।
চাওদাং সকলৰ ৰঙালি বিহু অতি আদৰৰ।চাওদাং সকলৰ ৰাতি বিহু আৰু দিন বিহু বৰ জনপ্রিয় আছিল বুলি জনা যায়।ৰাতি বিহু চ’ত মাহৰ দ্বিতীয় পক্ষত গাভৰু সকলে গাঁৱৰ ওচৰৰমুকলি বাকৰিত ৰাতি বিহু পাতিছিল।ইয়াত কেৱল পেঁপা আৰু টকাহে ব্যৱহৃত হৈছিল।ৰাতি বিহু গাভৰু সকলে পতা বিহু যদিও ইয়াত নিজ গাঁৱৰ ডেকাসকলে অংশগ্রহণ নকৰিছিল।কিন্তু অন্য চিনাকি গাঁৱৰ ডেকাসকলে অংশগ্রহণ কৰিব পাৰিছিল।ৰাতি বিহুত ডেকা-গাভৰুৱে তেওঁলোকৰ মনৰ কথাবোৰ গীতৰ মাধ্যমত বা অন্য প্রকাৰে প্রকাশ কৰিবলৈ সুযোগ পাইছিল।লগতে সেই সুযোগতে তেওঁলোকৰ হিয়া-দিয়া-নিয়া হৈ ভৱিষ্যৎ জীৱনৰ লগৰী বাচি লবলৈ সুবিধা পাইছিল।ৰাতি বিহুত কোনো ব্যভিচাৰ অথবা সংযমহীনতাৰ নাম-গোন্ধ নাছিল। বিহুৰ মাধ্যমত,গীত-মাতেৰে,চকুৰ ঠাৰেৰে বা নাচোনৰ ভঙ্গীমাৰে নিজৰ পছন্দজনক হিয়াৰ বতৰা দিছিল। আৰু সেই সূত্রে কোনোবা কৰোবাৰ বাগদত্তা হৈছিল।এই সকলোবোৰ ডেকা-গাভৰু সকলৰ সন্মতি,বজাবুজি আৰু তেওঁলোকৰ মাক-দেউতাকৰ সন্মতি অনুযায়ী তেওঁলোকে যুগ্ম-জীৱনৰ পাতনি মেলিছিল। ৰাতি বিহুৰ এটা অতি তাৎপৰ্যপূৰ্ণ আৰু মন কৰিবলগীয়া দিশ হ’ল –একে গাঁৱৰ ডেকা-গাভৰুৱে লগ হৈ ৰাতি বিহু নাপাতে।এখন গাঁৱৰ ডেকাই অন্য এখন বা একাধিক গাঁৱৰ গাভৰু সকলৰ লগতহে বিহু মাৰিছিল।সেয়ে ৰাতি বিহুৰ ফলশ্রুতিত হোৱা প্রায়বিলাক বিয়া একেখন গাঁৱৰ ডেকা-গাভৰুৰ মাজত নহৈ ভিন্ন গাঁৱৰ ডেকা-গাভৰুৰ মাজতহে হৈছিল।লগতে আৰু এটা মনকৰিবলগীয়া দিশ হ'ল ৰাতিবিহু চ'তমাহৰ শেষৰ ফালে আৰম্ভ হোৱা হেতুকে শতকৰা নব্বৈ শতাংশৰ বিয়া বহাগমাহতে হৈছিল।
সময়ৰ বিবৰ্তনৰ লগে লগে ৰাতিবিহু আৰু নাই।সৌ-সিদিনা চাওদাং গাওঁ এখনত উপস্হিত হওঁতে বহুতে এই বিহু দেখাই নাই বুলিহে জনালে।যুগৰ পৰিবৰ্তন,প্রগতি,বৰ্দ্ধিত নগৰীকৰণ ইত্যাদিবোৰে ৰাতিবিহুক হেৰুৱাই পেলালে। বৰ্তমান ভৈয়ামৰ ৰঙালি বিহু মঞ্চকেন্দ্রীক হোৱাহেতুঁকে বিহু উদযাপনত সীমাবদ্ধতা আহিল।তথাপিও আঞ্চলিকতাৰ কিছু ছাপ এতিয়াও আছে।খিলঞ্জীয়া চাওদাং সকলো ইয়াৰ ব্যতিক্ৰম নহয়।আজিকালি ৰঙালি বিহুৰ পূৰ্ণাংগ হুচৰি দল নাইকিয়াৰ দৰে হ’ল।বিশ্বায়নৰ যুগত এইটোক স্বাভাৱিক বুলি মানিলোৱাৰ বিকল্প নাই যেনেই অনুভৱ হ’ল।

No comments:

Post a Comment